অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান
- ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক উপন্যাসখনৰ লিখক কোন ?
উত্তৰঃ শ্যামা প্ৰসাদ শৰ্মা।
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন ?
উত্তৰঃ চুচেন দাস। - ১৯৮৫ চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন ?
উত্তৰঃ ফ্রান্সিচ বৰুৱা। - ভাৰতীয় টেবুল টেনিচ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?
উত্তৰঃ নন্দিনী বৰুৱা। - ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা। - ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন ?
উত্তৰঃ এলভিছ আলী হাজৰিকা। - ভাৰত ‘এ’ দলত অন্তর্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন ?
উত্তৰঃ জাবেদ জামান। - ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন ?
উত্তৰঃ বীৰেন বড়ো। - কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল ?
উত্তৰঃ ১৯৮০ চনত। - বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ পল্লৱী পৰাশ। - ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?
উত্তৰঃ বিতোপন শইকীয়া।
- ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল ?
উত্তৰঃ চিৰাজ উদ্দিন আহম্মেদ। - ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ গৌতম দত্ত ।
- অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ টালিমেৰণ আও (১৯৪৮ চন)। - অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?
উত্তৰঃ এলভিচ আলী হাজৰিকা। - ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল ?
উত্তৰঃ মানস দাস (১৯৮৯ চন)। - ইংলণ্ডত প্ৰচলিত ‘হোৱা ডেট টাইগা’ নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল ?
উত্তৰঃ সুখদেৱ গোস্বামী। - ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন ?
উত্তৰঃ মিঠু বৰুৱা। - এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন ?
উত্তৰঃ ভোগেশ্বৰ বৰুৱা (১৯ ৬৬ চন)। - অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ?
উত্তৰঃ নিপ বৰুৱা