Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান:
Sports is a very important topic for any competitive exam. Here Stadygk.com are going to provide you the most important sports related question for such competitive exam like- Assam police, APSC, UPSC, SSC, etc.
- ‘খেল-ধেমালী’ বুলিলে কি বুজা ?
উত্তৰঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি সাধাৰণ সঁজুলিৰ সহায়ত অংগ সঞ্চালন কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে ।
- ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ?
উত্তৰঃ ১৯৫৫ চনত।
3. বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ?
উত্তৰঃ ১৬ টা।
4. অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত হয় ?
উত্তৰঃ জীয়া ভৰলীত।
- প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?
উত্তৰঃ বাবুল বাৰ্মিজ।
6. গুৱাহাটীত প্রথম এদিনীয়া আন্তঃৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল ?
উত্তৰঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।
7. ‘লোকপ্রিয় বৰদলৈ ট্ৰফী ফুটবল’ প্রতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল
উত্তৰঃ ১৯৫২ চনত।
- কোন তাৰিখত ‘অসমত ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয় ?
উত্তৰঃ ১৭ অক্টোবৰ ।
9. ‘ডুগৰ শিল্ড ফুটবল’ প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?
উত্তৰঃ ১৯৬২ চনত।
10. অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযোগিতা কিমান চনত আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৪৭ চনত।
- ‘বৰদলৈ ট্ৰফী’ প্রতিযোগিতা’ৰ প্রথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ?
উত্তৰঃ ১৯৯৩ চনত।
12. কোন চনত গুৱাহাটীত সৰ্বপ্রথম এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯৮৩ চনত।
- ৰঞ্জী ট্ৰফী ক্ৰিকেট প্রতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্রথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ অনুপ ঘটক।
14. উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল ?
উত্তৰঃ উইলিয়াম মেগৰ দ্বাৰা।
15. ‘ভাৰতীয় ফুটবল সংস্থা’ৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন ?
উত্তৰঃ নুৰুল আমিন।
16. অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ আৰ. জি. বৰুৱা।
17. এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন ?
উত্তৰঃ সুৰেণৰাম ফুকন।
18. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ তোষেশ্বৰ দত্ত ।
19. অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ?
উত্তৰঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।
20. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।