Awards And Honour – বঁটা আৰু সন্মান

অর্জুন বঁটা

ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অর্জন বঁটা আগবঢ়োৱা হয়। এই বটাত আছে ৫ লাখ টকা আৰু মহাবীৰ অৰ্জনৰ এটা ব্ৰঞ্জৰ মূর্তি। ১৯৬১ চনৰ পৰা এই বটা প্ৰদান কৰি অহা হৈছে। এতিয়ালৈকে এইবঁটা লাভ কৰা অসমৰ খেলুৱৈসকল হ’ল ?
১৯৬৬ ভােগেশ্বৰ বৰুৱা।
১৯৮৭ মনালিছা বৰুৱা ।
২০০৭ জয়ন্ত তালুকদাৰ।
২০১৬ শিৱ থাপা।
২০১৮ হিমা দাস
২০২০ লাভলীনা বৰগােহাঁই

মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা (পূৰ্বৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা)

বিজয়ী ২০২১ লাভলীনা বৰগােহাঁই

শংকৰদেৱ বঁটা

১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে।
শংকৰদেৱ বঁটা বিজয়ীসকল
কীৰ্তিনাথ হাজৰিকা (১৯৮৬),
ভূপেন হাজৰিকা (১৯৮৭),
সত্যজিত ৰয় (১৯৮৮),
এম এল ভৰতপান্ডে (২০১৪),
বশীষ্ঠ দেৱ শৰ্মা ( ২০১৭),
ভৱ প্ৰসাদ চলিহা (২০২০)

মামণি ৰয়ছম গােস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গােস্বামীৰ স্মৃতিত অসম সাহিত্য সভাই নুমলীগড় শােধনাগাৰৰ সহযােগত এইবঁটা প্ৰদান কৰে। প্রতি দুবছৰৰ মূৰত প্ৰদান কৰিবলগীয়া এই বঁটা প্ৰথমবাৰৰ বাবে ২০১৪ চনত আগবঢ়োৱা হয় প্রসিদ্ধ বাংলা লেখিকা মহাশ্বেতা দেবীলৈ। ২০১৬ চনত আগবঢ়োৱা হয় কানাড়া সাহিত্যিক এছ এল ভাৰাপ্পালৈ আৰু ২০১৮ চনৰ বাবে আগবঢ়োৱা হয় কানাড়া সাহিত্যিক ডঃ চন্দ্ৰশেখৰ কাম্বাৰলৈ। ২০১৯ চনত এই বঁটা লাভ কৰে মাৰাঠী সাহিত্যিক বিশ্বাস পাটিলে। মামণি ৰয়ছম গােস্বামীৰাষ্ট্ৰীয় সাহিত্য বঁটাত আছে নগদ তিনি লাখ টকা, এখন প্রশক্তি পত্র, এটা স্মাৰক আৰু অন্যান্য উপহাৰ সামগ্রী।

অসম উপত্যকা সাহিত্য বঁটা

অসমায়া সাহিত্যৰ সর্বোচ্চ সাহিত্য পুৰস্কাৰটো হৈছে অসম উপত্যকা সাহিত্য বঁটা’। সৃজনীমূলক মায়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক মেগৰ শৈক্ষিকৰ ন্যাসৰ দ্বাৰা প্রদত্ত এই বঁটাত নগদ চাৰি লাখ টকা, এখন প্রশস্তি পত্ৰ আৰু বিশেষভাৱে নির্মিত এটা ট্রফি দিয়া হয়।বটাৰ লগত দিয়া ট্রফি টোৰ নক্সা আৰু পৰিকল্পনা যশস্বী শিল্পী শােভা ব্ৰহ্মৰ। ১৯৯০ চনৰ বা এই বঁটা প্ৰদান কৰি অহা হৈছে। এতিয়ালৈকে এই বঁটা লাভ কৰা অসমীয়া সাহিত্যিকসকল
ভবেন্দ্ৰ নাথ শইকীয়া (১৯৯০),
হােমেন বৰগােহাঞি (১৯৯১),
চৈয়দ আব্দুল মালিক ১৯৯২),
নৱকান্ত বৰুৱা (১৯৯৩),
যােগেশ দাস (১৯৯৪),
সৌৰভ কুমাৰ চলিহা (১৯৯৫),

আনন্দৰাম বৰুৱা বঁটা

অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা তথা ভাষা তত্ত্ববিদ, সংস্কৃতজ্ঞ একোজন পণ্ডিতক প্রতিবছৰে এই বঁটা প্ৰদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ দ্বাৰা প্রদত্ত এই বঁটাত আছে নগদ এক লাখ টকা আৰু এখন মানপত্র। ১৯৯১ চনৰ পৰা প্রদান কৰি অহা হৈ আছে। এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল ১৯৯১: ৰজনীকান্ত দেৱশৰ্মা
১৯৯২ : মনােৰঞ্জন শাস্ত্রী
১৯৯৩ : বিশ্বনাৰায়ণ শাস্ত্রী
১৯৯৪ : বীৰেন্দ্ৰ কুমাৰ ফুকন।

অসম চৰকাৰেও অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা নামেৰে এক বটাঁ প্রদান কৰি আহিছে। হাইস্কুল শিক্ষান্ত আৰু এইহাইমাদ্ৰাছা পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হােৱা ছাত্র-ছাত্রীক এই বটা প্ৰদান কৰা হয়। এই বঁটাত আছে এটা কম্পিউটাৰ লেপটপ বা সমমূল ধনৰ চেক। ২০০৫ চনৰ পৰা অসম চৰকাৰে এই বঁটা প্ৰদান কৰি আহিছে।

বিষ্ণু ৰাভা বঁটা

অসমীয়া সংস্কৃতিলৈ বিশিষ্টৰঙণি আগবঢ়োৱা ব্যক্তিক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকাল বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ এক লাখ টকা, গামােচা, শৰাই, জাপি” মানপত্র। সাধাৰণতে অসমৰ বিভিন্ন ঠাইত কেন্দ্রীয়ভাৱে আয়ােজিত বিষ্ণুৰাভা দিৱসত (২০ জুনত) এইবঁটা প্ৰদান কৰা হয়।
১৯৮১চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত লাভ কৰা ব্যক্তিসকল
১৯৮১ ৰংবং তেৰাং ।
১৯৮২ : য়েছেদৰজে ঠংছি
১৯৮৫ : হীৰেন ভট্টাচার্য

চুকাফা বঁটা

এই বঁটাত আছে তিনি লাখ টকা,শৰাই, এৰী চাদৰ, প্রশস্তি পত্ৰ আদি।
২০০৫ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল
নটৱৰ ঠক্কৰ (২০০৫),
ৰতন থিয়াম (২০০৬),
পদ্ম বৰকটকী (২০০৭),
ডঃ যােগেন্দ্র নাথ ফুকন (২০০৮),
ৰংবং তেৰাং (২০০৯),
ডঃপুষ্প গগৈ (২০১০),
য়েছেদৰজে ঠংচি (২০২০)।